প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছলাম ধৰ্মৰ ইছমাইলী গুৰু প্রিন্স কৰিম আগা খান চতুৰ্থৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয় যে আগা খানে তেওঁৰ জীৱন সেৱা মনোভাৱ আৰু আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে অতিবাহিত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আগা খান চতুর্থই স্বাস্থ্য, শিক্ষা, গ্রামোন্নয়ন আৰু মহিলা সবলীকৰণৰ বাবে কৰা কৰ্মৰাজিয়ে ভালেমান লোকক অনুপ্রাণিত কৰি থাকিব। প্রধানমন্ত্রী মোদীয়ে সমগ্ৰ বিশ্বৰ আগা খানৰ কোটি কোটি শুভাকাংক্ষী, অনুগামী আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
ইছলাম ধৰ্মগুৰু আগা খানৰ পর্তুগালত ৮৮ বছৰ বয়সত মৃত্যু হয়। ২০ বছৰ বয়সতে তেওঁ ইমাম হৈছিল। আগা খানে ৩০খন দেশত বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াইছিল। পশ্চিমীয়া দেশৰ সৈতে মুছলমান সমাজৰ মাজত সেঁতু গঢ়োতা হিচাপে তেওঁক জনা যায়। লিছবনত আগা খানৰ জানাজা সম্পন্ন কৰা হ’ব ।
Assamese | February 5, 2025 8:32 PM | PM Condolence
ইছলাম ধৰ্মৰ ইছমাইলী গুৰু প্রিন্স কৰিম আগা খান চতুৰ্থৰ বিয়োগত প্রধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ