August 18, 2024 11:38 AM | Tahawwur-Hussain-Rana

printer

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত তহববুৰ হুছেইন ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পনৰ অনুমতি প্ৰদান

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আদালতে ২০০৮ চনৰ ২৬ নৱেম্বৰত সংঘটিত মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত তহববুৰ হুছেইন ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পনৰ অনুমতি প্ৰদান কৰিছে। কেলিফর্নিয়াৰ আদালতে ভাৰত-আমেৰিকা প্ৰত্যর্পন চুক্তিৰ অধীনত ৰাণাক ভাৰতলৈ প্ৰেৰণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। ভাৰতে ১৬০ গৰাকী ব্যক্তিৰ প্ৰাণ কাঢ়ি লোৱা মুম্বাই সন্ত্ৰাসবাদী আক্রমণ সংক্ৰান্তত ৰাণাক বিচাৰি আছিল। ৬৩ বছৰীয়া ৰাণাই ভাৰতলৈ প্ৰত্যর্পনৰ সম্ভাৱনাৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদনৰ শুনানি লৈ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে ৷ ৰাণা বৰ্তমান লছএঞ্জেলছৰ কাৰাগাৰত বন্দী হৈ আছে। ৰাণা পাকিস্তানী মূলৰ আমেৰিকাৰ নাগৰিক আৰু লস্কৰ-এ-তৈয়বাৰ সন্ত্ৰাসবাদী ডেভিদ ক’লমেন হেডলিৰ ঘনিষ্ঠ সহযোগী। তেওঁৰ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে সম্পৰ্ক আছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে।