আমেৰিকা যুক্তৰাষ্ট্ৰত সামাজিক মাধ্যমৰ অন্যতম জনপ্রিয় মঞ্চ টিক্টক্ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত কেইবালাখ ব্যৱহাৰকাৰীয়ে টিক্টক্ ভিডিঅ’ চোৱাৰ অভিজ্ঞতাৰ পৰা বঞ্চিত হৈছে। নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ শপতগ্রহণ অনুষ্ঠানৰ এদিন পূৰ্বে আজিৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত নতুনকৈ প্ৰণয়ন কৰা আইন বলৱৎ কৰা হৈছে। টিক্টক্ চীন দেশৰ মালিকীস্বত্ব সন্দৰ্ভত উচ্চ পৰ্যায়ৰ পৰ্যালোচনা তথা কেইবামাহজোৰা আইনী যুদ্ধৰ পাছত এই নিষেধাজ্ঞা বলবৎ কৰা হয়। ডনাল্ড ট্রাম্পে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি সামাজিক মাধ্যম টিক্টক্ ৰ ম্যাদ আৰু ৯০ দিনৰ বাবে বৃদ্ধি কৰাৰ কথা ভবা হৈছিল। টিক্টক্ মুখ্য কাৰ্যবাহী বিষয়া শ্বৌ চিউৱে ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা ।
Assamese | January 19, 2025 8:34 PM | USA vs TikTok
আমেৰিকা যুক্তৰাষ্ট্ৰত সামাজিক মাধ্যম টিক্টক্ ৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ বাহাল