আমেৰিকাৰ টেক্সাছ প্ৰদেশত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা বানত কমেও ৪৩ গৰাকী লোকৰ মৃত্যু ঘটিছে। লগতে শিবিৰত থকা ২৫ গৰাকী লোক এই বানৰ পাছত নিৰুদ্দিষ্ট হৈছে। কেৰ কাউণ্টিৰ ছেৰিফ লেৰি লেইথাই কয়, যে নিহতসকলৰ ভিতৰত ১৫ গৰাকী শিশুকে ধৰি আন ১৮ জন লোক আছে। তেওঁ লগতে কয়, যে এই বানৰ ফলত কমেও ২৭ গৰাকী লোক নিৰুদ্দেশ হৈছে। যোৱা শুকুৰবাৰে হোৱা এই বানে ৪৫ মিনিটৰ ভিতৰতে কালৰূপ ধাৰণ কৰে আৰু ৮ মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱা পানীয়ে ঘৰ-দুৱাৰ আৰু যান-বাহন উটুৱাই লৈ যায়। ছান এণ্টনিঅ’ৰ বাহিৰত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বহু অঞ্চল ক্ষতিগ্ৰস্ত হৈছে। বানৰ সৈতে মোকাবিলা কৰিবলৈ কৰ্তৃপক্ষই শিবিৰ আৰু বাসগৃহসমূহ নিৰীক্ষণত ৰাখিছে। টেক্সাছৰ পাহাৰ অঞ্চলৰ সমীপৰ গুৱাডালুপে নদীৰ কাষত থকা শতিকা পুৰণি যুৱ শিবিৰসমূহত যোৱা শুকুৰবাৰে বহু পৰিয়াল প্রাকৃতিক পৰিৱেশ উপভোগৰ বাবে উপস্থিত হৈছিল। বিশেষকৈ এই ঠাইখিনি জুলাই মাহৰ চতুৰ্থ বন্ধৰ বাবে অতি জনপ্ৰিয় আছিল আৰু ইয়াত বহু লোক বন্ধ উপভোগ কৰিবলৈ সমবেত হৈছিল। সেয়েহে এই বানত প্ৰকৃততে কিমান লোক নিৰুদ্দেশ হৈ আছে সেই তথ্য লাভ কৰাৰ ক্ষেত্ৰত জটিলতাই দেখা দিছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেক্সাছৰ বানত নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আমেৰিকাৰ চৰকাৰৰ প্ৰতি সহমর্মিতা প্রকাশ কৰিছে।
Assamese | July 6, 2025 12:42 PM | America Taxus Flood
আমেৰিকাৰ টেক্সাছত বৰষুণৰ ফলত হোৱা বানত কমেও ৪৩ গৰাকী লোকৰ মৃত্যু