আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্রদূত বিনয় মোহন কোৱাট্রাই বহুজাতিক কোম্পানী ইণ্টেলৰ মুখ্য কার্যবাহী বিষয়া লিপ বু টানক সাক্ষাৎ কৰে। এই সাক্ষাতত ৰাষ্ট্রদূতগৰাকীয়ে কেন্দ্রীয় চৰকাৰৰ ভাৰত ছেমিকণ্ডাক্টৰ অভিযান আৰু ভাৰত কৃত্রিম বুদ্ধিমত্তা অভিযানৰ সৈতে সংগতি ৰাখি ভাৰতত অৰ্ধপৰিবাহী আৰু কৃত্রিম বুদ্ধিমত্তাৰ কাম-কাজৰ সম্প্ৰসাৰণৰ বাবে ইণ্টেলৰ পৰিকল্পনা সম্পর্কে আলোচনা কৰে। উল্লেখযোগ্য যে ২০২১ চনত ফেব্রিকেশ্যন, ডিজাইন আৰু উৎপাদন বৃদ্ধিৰ বাবে ৭৬,০০০ কোটি টকা ব্যয়সাপেক্ষে ভাৰত চেমিকণ্ডাক্টৰ অভিযান আৰম্ভ কৰা হৈছিল।
Assamese | November 9, 2025 6:50 PM | INTEL CEO meet Indian Ambassador BM Kawatra
আমেৰিকাৰ ইণ্টেলৰ মুখ্য কার্যবাহী বিষয়া লিপ বু টানক ভাৰতীয় ৰাষ্ট্রদূত বিনয় মোহন কোৱাট্রাৰ সাক্ষাৎ