আবাসী চিকিৎসক সন্থা Federation of Resident Doctors Association-এ চলাই থকা ৰাষ্ট্ৰজোৰা ধৰ্মঘটৰ প্ৰতি সঁহাৰি জনাই মহাৰাষ্ট্ৰৰ বিভিন্ন ৰাজহুৱা চিকিৎসালয়ত কৰ্মৰত আবাসী চিকিৎসকসকলে জৰুৰীকালীন সেৱাৰ বাহিৰে অন্যান্য চিকিৎসা সেৱাৰ পৰা বিৰত আছে। চিকিৎসা মহাবিদ্যালয়সমূহৰ জ্যেষ্ঠ শিক্ষক, অধ্যাপক আৰু চুক্তিভিত্তিক কৰ্মচাৰীসকলে চিকিৎসালয়সমূহ পৰিচালনা কৰি আছে। কৰ্মচাৰীসকলৰ ছুটিও নাকচ কৰা হৈছে। মহাৰাষ্ট্ৰ ৰাজ্যিক আবাসী চিকিৎসক সন্থাই জনাইছে যে কলকাতাৰ আৰ জি চিকিৎসা মহাবিদ্যালয়ৰ আবাসীসকলৰ সৈতে সংহতি প্রকাশৰ উদ্দেশ্যে ধর্মঘটত যোগদান কৰা হৈছে।
Assamese | August 13, 2024 3:19 PM | Medical
আবাসী চিকিৎসক সন্থাৰ ৰাষ্ট্ৰজোৰা ধৰ্মঘটৰ সঁহাৰি জনাই মহাৰাষ্ট্ৰৰ চিকিৎসকৰ বিভিন্ন ৰাজহুৱা চিকিৎসালয়ত জৰুৰীকালীন সেৱাৰ বাহিৰে অন্যান্য চিকিৎসা সেৱাৰ পৰা বিৰত