জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাত শেহতীয়াকৈ প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে এটা আন্তঃমন্ত্ৰালয় কেন্দ্রীয় দলে কালি ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে দলটোৱে সমুদায়ভিত্তিত দুর্যোগ ব্যৱস্থাপনাৰ প্ৰস্তুতি শক্তিশালী কৰা আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিসমূহ পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যুটীয়া সচিব কৰ্ণেল কীর্তি প্রতাপ সিঙে নেতৃত্ব দিয়া কেন্দ্ৰীয় দলটোৱে যোৱা বৃহস্পতিবাৰে কাথুৱা আৰু কালি উধমপুৰ আৰু ৰিয়েছি জিলা পৰিদৰ্শন কৰে। দলটোৱে ড’মেল-কাটৰা ঘাইপথ, ভূমিস্খলন প্ৰভাৱিত বাল্লানি দলং আৰু কাটৰাৰ শনি মন্দিৰকে ধৰি বানত ক্ষতিগ্ৰস্ত বহুকেইটা অঞ্চল নিৰীক্ষণ কৰে। দলটোৱে লগতে খেতি পথাৰ পৰ্যবেক্ষণ কৰি শস্য ক্ষতিৰ পৰ্যালোচনা কৰাৰ লগতে কৃষকসকলৰ সৈতেও মত বিনিময় কৰে। বিষয়াসকলে জনোৱা মতে মাহোৰে, জামেছলন আৰু ছৰত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাহায্য শিবিৰ স্থাপন কৰা হৈছে আৰু তেওঁলোকক খাদ্য আৰু চিকিৎসা সেৱাকে ধৰি অন্যান্য যাৱতীয় সুবিধাসমূহ প্রদান কৰা হৈছে ।
ইপিনে বায়ুসেনা বাহিনীয়ে কালি উধমপুৰ জিলাৰ ডাম’তে পঞ্চায়তৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে প্রায় ৬ টন সাহায্য সামগ্ৰীৰ যোগান ধৰে।
Assamese | September 6, 2025 1:18 PM | J&K Visit team
আন্তঃমন্ত্ৰালয় কেন্দ্রীয় দলৰ জম্মু-কাশ্মীৰৰ ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন