September 6, 2025 1:18 PM

views 18

আন্তঃমন্ত্ৰালয় কেন্দ্রীয় দলৰ জম্মু-কাশ্মীৰৰ ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাত শেহতীয়াকৈ প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে এটা আন্তঃমন্ত্ৰালয় কেন্দ্রীয় দলে কালি ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে দলটোৱে সমুদায়ভিত্তিত দুর্যোগ ব্যৱস্থাপনাৰ প্ৰস্তুতি শক্তিশালী কৰা আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিসমূহ পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যুটীয়া সচিব কৰ্ণেল কীর্তি প্রতাপ সিঙে নেতৃত্ব দিয়া কেন্দ্ৰীয় দলটোৱে যোৱা বৃহস্পতিবাৰে কাথুৱা আৰু কালি উধমপুৰ আৰু ৰিয়েছি জিলা পৰ...