■ গুৱাহাটীত হ’বলগীয়া এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে একাধিক ৰোড শ্ব’ত অংশ লোৱাৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়ীৰ সৈতে মত-বিনিময় কৰিব। তদুপৰি এই ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ, ডিপ টেকন’লজি, আন্তঃগাঁথনি আৰু নিৰ্মাণ আদি খণ্ডত ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন সা-সুবিধাসমূহৰ বিভিন্ন দিশ আলোকপাত কৰিব। তেওঁ বাণিজ্যিক সহযোগিতা তথা বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ছিংগাপুৰৰ ঔদ্যোগিক নেতৃবৃন্দৰ সৈতে বহুকেইখন পৃথক বৈঠকতো অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে, এডভান্টেজ আছাম সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ উপৰি বিভিন্ন উদ্যোগপতি আৰু প্ৰতিষ্ঠানৰ প্ৰতিনিধি উপস্থিত থাকিব।
Assamese | February 10, 2025 11:01 AM | Advantage Assam 2.0 | Akashvani Guwahati | Akashvani News | CM Himanta Biswa Sarma
আজিৰে পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ছিংগাপুৰ ভ্ৰমণ