আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অর্থাৎ অডিচনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবাৰ্য্য কাৰণ বশতঃ অহা ২ আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগীয়া পূর্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে এই অডিচন সম্পন্ন হ’ব। নতুনকৈ আবেদন কৰা শিশু শিল্পী আৰু বি- গ্ৰেডৰ উপৰি বি-হাইগ্ৰেডৰ বাবেও একেলগে অডিচন সম্পন্ন হ’ব। প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ প্ৰৱেশ পত্র ডাক যোগে পঠিওৱা হ’ব আৰু প্ৰত্যেকৰে ম’বাইলত অডিচনৰ তাৰিখ আৰু সময় সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰা হ’ব। যদি আবেদন কৰা কোনো প্ৰাৰ্থীয়ে এই দুয়োটা মাধ্যমৰ এটাৰ জৰিয়তেও নিজৰ কণ্ঠস্বৰ পৰীক্ষাৰ দিন-সময় সম্পৰ্কে অৱগত নহয় তেন্তে তেওঁলোকে অহা ২০ আগষ্টৰ পাছত ৯৪০১০-৮৩০১৮ নম্বৰত হোৱাটছ-এপ যোগে যোগাযোগ কৰিব পাৰিব। পৰীক্ষাত উত্তীৰ্ণ হৈ কেন্দ্ৰটোৰ নাট শাখাৰ অভিনয় শিল্পীৰ স্বীকৃতি পোৱাসকল ৰ তালিকা ২৪ ছেপ্তেম্বৰৰ বিয়লি ৩ বজাত প্ৰকাশ কৰা হ’ব।
Assamese | July 28, 2024 11:28 AM | Aakashbani Guwahati Drama Audition Test
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈ