ৰাজ্যৰ জনসাধাৰণ পৰম্পৰাগত ৰীতি-নীতিৰে আজি কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ বাবে সাজু হৈছে। মৃৎ শিল্পীসকলে প্ৰস্তুত কৰা চাকি আৰু অন্যান্য পোহৰৰ সামগ্ৰীৰে বজাৰসমূহ ভৰি পৰিছে। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আৰু প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে দীপাবলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।
ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে তেওঁৰ বাৰ্তাত কয়, যে এই উৎসৱ অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্ৰতীক। এই উৎসৱে দুখ-কষ্টৰ অৱসান ঘটাই আনন্দমুখৰ আৰু সমৃদ্ধিশালী জীৱনৰ আৰম্ভণি সূচাই বুলিও তেওঁ মন্তব্য কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে পৰিৱেশ সুৰক্ষিত কৰিবলৈ, সমন্বয়ৰ প্ৰসাৰ ঘটাবলৈ আৰু বিকশিত ৰাষ্ট্ৰৰ নিৰ্মাণৰ দিশে অৱদান আগবঢ়াবলৈ জনসাধাৰণ প্ৰতি আহ্বান জনায়। তেওঁ লগতে প্ৰতিগৰাকী নাগৰিকৰ সু-স্বাস্থ্য, সুখ আৰু সমৃদ্ধি কামনা কৰে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো সশস্ত্র বাহিনীসমূহৰ সাহসী সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ বার্তা যোগে জনসাধাৰণক দীপাৱলীৰ শুভেচ্ছা জনায় কয়, যে পোহৰৰ এই উৎসৱে সমগ্র দেশক আলোকিত কৰি তোলে।
এই উৎসৱে অন্ধকাৰৰ বিৰুদ্ধে বিজয়ৰ সংকল্পৰ বাৰ্তা বহন কৰে বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰে।
গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে বিক্রেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। মহানগৰীৰ বাসগৃহসমূহ আলোকমালাৰে সজাই তোলা হৈছে। বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ লগতে দল-সংগঠনে শব্দ, বায়ু প্রদূষণবিহীন দীপাৱলী উদযাপন কৰাৰ উদ্দেশ্যে আহ্বান জনাইছে।
নগাঁও জিলাৰ মৃৎ শিল্পীসকলে ৩০-৪০ হাজাৰ মাটিৰ চাকি বিক্ৰী কৰিছে। এইবাৰ জিলাখনৰ জনসাধাৰণে মাটিৰ চাকিৰে বাসগৃহৰ চৌদিশ পোহৰোৱাৰ বাবে সাজু হৈছে।
বৰপেটা জিলাৰ বিভিন্ন স্থানত আজিৰ পৰা কেইবাদিনীয়া কাৰ্যসূচীৰে কালীপূজাৰ আয়োজন কৰা হৈছে।
পাঠশালা যুৱ সমাজৰ উদ্যোগত বজালী জিলাত বিভিন্ন কাৰ্যসূচীৰে কালী পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ওজাপালি প্রদর্শন, বিশ্ব শান্তিৰ বাবে বন্তি প্রজ্বলন, গছপুলি ৰোপণ আদি কাৰ্যসূচী লোৱা হৈছে। শিলচৰৰ ১২৪ বছৰ পুৰণি শ্মশানঘাট কালীমন্দিৰত আজি নিশা কালী পূজা অনুষ্ঠিত হ’ব।
গোৱালপাৰা জিলাৰ শ’লমাৰীৰ ঐতিহাসিক শ্রীশ্রী মা শ্যামাকালী মন্দিৰত আজিৰেপৰা কালী পূজাৰ আয়োজন কৰা হৈছে। পুৱাৰেপৰা মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। ডিব্ৰুগড় জিলাতো পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজাৰ প্ৰস্তুতি প্রায় সম্পূর্ণ হৈছে।