November 8, 2026 11:00 AM

views 3

পৰম্পৰাগত ৰীতি-নীতিৰে জনসাধাৰণৰ কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ প্ৰস্তুতি

ৰাজ্যৰ জনসাধাৰণ পৰম্পৰাগত ৰীতি-নীতিৰে আজি কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ বাবে সাজু হৈছে। মৃৎ শিল্পীসকলে প্ৰস্তুত কৰা চাকি আৰু অন্যান্য পোহৰৰ সামগ্ৰীৰে বজাৰসমূহ ভৰি পৰিছে। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আৰু প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে দীপাবলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে তেওঁৰ বাৰ্তাত কয়, যে এই উৎসৱ অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্ৰতীক। এই উৎসৱে দুখ-কষ্টৰ অৱসান ঘটাই আনন্দমুখৰ আৰু সমৃদ্ধিশালী জীৱনৰ আৰম্ভণি সূচাই বুলিও তেওঁ মন্তব্য কৰে।...