সশস্ত্র সীমাবলৰ দীপাৱলী মিলন সমাৰোহত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ অংশগ্ৰহণ; মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালি সশস্ত্র সীমাবলৰ দীপাৱলী মিলন সমাৰোহত অংশগ্ৰহণ কৰে আৰু দেশৰ সীমান্তৰ সুৰক্ষাত অহর্নিশে নিয়োজিত জোৱানসকলক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়, যে কঠিন পৰিস্থিতিত অদম্য সাহস, নিয়মানুবর্তিতা আৰু ৰাষ্ট্ৰৰ প্ৰতি নিষ্ঠাৰ মনোভাৱেৰে কৰ্তব্য পালন কৰা এই জোৱানসকল দেশৰ সুৰক্ষা তথা সার্বভৌমত্বৰ সতৰ্ক প্ৰহৰি।

তেওঁলোকৰ ত্যাগ আৰু সেৱাৰ মনোভাব ৰাষ্ট্ৰৰ বাবে গৌৰৱৰ বিষয় বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যপালগৰাকীয়ে সকলো বিষয়া-জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাইও সমূহ ৰাজ্যবাসীক কালী পূজা আৰু দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্রী ড০ শর্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত মা কালীৰ আশীসে সকলোৰে জীৱনৰ পৰা অশুভ শক্তি দূৰ কৰি সত্য, সাহস আৰু শক্তিৰে জীৱন আলোকিত কৰিব বুলি আশা প্রকাশ কৰে। তেওঁ লগতে মা কালীৰ আশীসে প্রতিটো পৰিয়াললৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনিব বুলি কামনা কৰে।