আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে নাইবা ডাকযোগে অহা ৩০ চেপ্তেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথিপত্রসহ The Head of Office, Akashvani, Guwahati, Chandmari, Guwahati – 781003 এই ঠিকনালৈ আবেদন পত্র প্ৰেৰণ কৰিব পাৰিব।
Assamese | September 23, 2024 12:12 PM | AIR GUWAHATI | Akashvani
আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ বাবে আবেদনৰ আহ্বান