গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰাত গুজৰাট দলটো প্ৰতিযোগিতাৰ প্লেঅফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। খেলখন পৰিত্যক্ত ঘোষণা কৰাত কলকাতা আৰু গুজৰাট উভয় দলে এক পইণ্টকৈ লাভ কৰে। ফলত প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষ দুটা দলৰ মাজত ইতিমধ্যে প্লেঅফ পৰ্যায়ত প্রবেশ কৰা কলকাতা নাইট ৰাইডাৰ্ছৰ স্থান নিশ্চিত হৈ পৰে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুসহ ৬টা দল প্রতিযোগিতাৰ প্লেঅফ পৰ্যায়ৰ দৌৰত আছে। প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দেলহী কেপিটেলছৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।
Assamese | May 14, 2024 11:44 AM | IPL
আই পি এলত গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেল পৰিত্যক্ত ঘোষণা