মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসম সচিবালয়ত কালি সৌৰশক্তি প্রকল্প মুকলি কৰে। এই প্ৰকল্পৰ জৰিয়তে মাহে গড়ে তিনি লাখ ইউনিট বিদ্যুৎ উৎপাদন কৰি প্ৰচলিত শক্তিৰ উৎসৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে। ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্রকল্প মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই প্ৰকল্পৰ জৰিয়তে অসম সচিবালয় দেশৰ প্ৰথম সেউজ সচিবালয়ৰূপে পৰিগণিত হৈছে। এতিয়াৰে পৰা কেৱল সৌৰ শক্তিৰ দ্বাৰাহে অসম সচিবালয়ৰ কাম-কাজ চলিব বুলি তেওঁ প্ৰকাশ কৰে। এই প্ৰকল্পৰ ফলত অসম সচিবালয়ে প্ৰতিমাহে বহন কৰিবলগীয়া ৩০ লাখ টকা বিদ্যুৎ মাচুল বাহি হব বুলিও ড০ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শীঘ্ৰে ৰাজ্যৰ প্ৰধান চিকিৎসালয়, চৰকাৰী কাৰ্যালয়, আৰু বিশ্ববিদ্যালয়সমহূত সৌৰ শক্তিৰ ব্যৱস্থা কৰা হব। ৰাজ্যবাসীক ঘৰত সৌরশক্তি পেনেল স্থাপন কৰিবলৈ তেওঁ আহ্বান জনায়। সৌৰশক্তি ব্যৱহাৰ কৰা লোকক প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে চৰকাৰে বাজ সাহায্য প্ৰদান কৰিব বুলিও তেওঁ উল্লেখ কৰে। ইপিনে, ১ জুলাইৰ পৰা মন্ত্ৰী- বিধায়ক আৰু প্ৰথম শ্ৰেণীৰ বিষয়াসকলক ঘৰুৱা বিদ্যুৎ মাচুল নিজে নিজে পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ড০ শৰ্মাই লগতে অহা বছৰৰ পহিলা জুলাইৰ পৰা ৰাজ্যৰ নিম্ন, মধ্যবিত্ত আৰু দুখীয়া লোকৰ বিদ্যুত্ৰ মাচুল এক টকাকৈ কমাবলৈ বিদ্যুৎ বিভাগক নির্দেশ দিয়ে। অনুষ্ঠানত শক্তিমন্ত্রী নন্দিতা গাৰ্লোচাৰ লগতে শক্তি বিভাগৰ বিভিন্ন শীর্ষ বিষয়া উপস্থিত থাকে।
Assamese | June 17, 2024 12:52 PM | Himanta Biswa Sarma
অসম সচিবালয়ত সৌৰশক্তি প্রকল্প মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা মুকলি