অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেতু এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ দৈনিক উপস্থিতিৰ তথ্য ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগে এটা নিৰ্দেশনা জাৰি কৰি ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকক নিয়মীয়াকৈ বিদ্যালয়সমূহৰ পৰিদৰ্শক, প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। এই অনুসৰি বিদ্যালয়সমূহৰ পৰিদৰ্শক, প্রাথমিক শিক্ষা বিষয়া আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই বিদ্যালয়ত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বৃদ্ধি কৰাৰ বাবে যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তদুপৰি প্ৰতিটো শ্রেণীতে ছাত্ৰ-ছাত্ৰীৰ দৈনিক উপস্থিতি নিশ্চিত কৰাৰ বাবে অধ্যক্ষ আৰু প্ৰধান শিক্ষকসকল দায়বদ্ধ হ’ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে।
Assamese | May 29, 2025 7:22 PM | Akashvani | Assam Govt | shiksha setu assam
অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেতু এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ দৈনিক উপস্থিতিৰ তথ্য ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ