June 29, 2026 7:35 PM | Prasanta chandra

printer

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি পৰিসংখ্যা বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্রশান্ত চন্দ্র মহালেনবিছৰ অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁৰ ওপজা দিনটোত এই দিৱস পালন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ পিতৃস্বৰূপ হিচাপে জনাজাত অধ্যাপক গৰাকীয়ে দেশৰ পঞ্চবার্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি পৰিসংখ্যা দিৱস উপলক্ষে অধ্যাপক মহালেনবিছৰ পৰিসংখ্যা ক্ষেত্ৰলৈ অৱদানক সোঁৱৰণ কৰে। তেওঁ কয়, যে এইগৰাকী মহান পৰিসংখ্যাবিদে ভাৰতৰ আধুনিক পৰিসংখ্যা ক্ষেত্ৰৰ ভেটি নিৰ্মাণ কৰিছিল।

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি পৰিসংখ্যা বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয় ৷ ভাৰতীয় পৰিসংখ্যাৰ জনক প্ৰশান্ত চন্দ্ৰ মহালেনবিছৰ ১৩৩ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি উদযাপন কৰা বিশেষ বক্তৃতা অনুষ্ঠানত কৃষি বিজ্ঞান গুৰু ড০ প্ৰসন্ন কুমাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷