ধেমাজি জিলাৰ গোগামুখৰ অসম-অৰুণাচল সীমান্তৱর্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্রী অতুল বৰাই ধেমাজিৰ বিধায়ক তথা মন্ত্রী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জিলা আযুক্ত কার্যালয়ত অনুষ্ঠিত এই বৈঠকত আটাছু, টাইপা, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ সম্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ঐক্যমঞ্চ আৰু অসমীয়া যুৱ মঞ্চকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিৰ লগতে চিচিবৰ গাঁৱৰ বিধায়ক জীবন গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্রহণ কৰে। মন্ত্রী শ্রীবৰাই কয় যে অসম চৰকাৰে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ সৈতে আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। অসম আৰক্ষীয়েও ঘটনাটোৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খান্দুৱেও এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে উপযুক্ত ব্যবস্থা গ্ৰহণৰ আশ্বাস দিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্রীবৰাই সীমান্ত অঞ্চলত শান্তি, সম্প্রীতি আৰু ভাতৃত্ববোধ অটুট ৰাখি দল-সংগঠনসমূহক প্রতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি, সম্প্রীতি আৰু সৌহার্দ্যপূর্ণ সম্পর্ক অক্ষুণ্ণ ৰখাৰ বাবে সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্রতি আহ্বান জনায়।
এই বৈঠকৰ পাছতে মিচিং ছাত্র সংগঠন, টি এম পি কেই অৰুণাচলৰ বিৰুদ্ধে কালিৰে পৰা গ্ৰহণ কৰা অর্থনৈতিক অৱৰোধ কাৰ্যসূচী সাময়িকভাবে স্থগিত ঘোষণা কৰিছে। ইপিনে, অসম আৰু অৰুণাচলৰ সাংসদসকলে আজি কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰি ৰাজ্য দুখনৰ সীমান্তত শান্তি বজাই ৰখাৰ বাবে আহ্বান জনায়। শ্রীৰিজিজুৱে দুয়োখন ৰাজ্যৰ মাজৰ দীর্ঘদিনীয়া সুসম্পৰ্কৰ কথা উল্লেখ কৰি এই ঘটনাৰ সমাধান উলিয়াবলৈ আৰু শান্তিপূর্ণ পৰিবেশ বৰ্তাই ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বার্তাযোগে কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সম্পর্ক কেৱল সীমাৰ মাজত আবদ্ধ নহয়, প্রজন্ম ধৰি ৰাজ্য দুখনৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বিগত বছৰসমূহত আলোচনা আৰু বন্ধুত্বৰ মাধ্যমেৰে সীমা সম্পর্কীয় অধিকাশ সমস্যা সমাধান কৰা হৈছে। সম্প্রতি বাকী থকা ৫২খন গাঁৱৰ সীমা সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰা হ’ব বুলি ড০ শর্মাই প্রকাশ কৰে।