August 13, 2026 8:10 PM

views 31

অসম-অৰুণাচল সীমান্তৰ ঘটনা সন্দৰ্ভত কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰে বৈঠক মন্ত্রী অতুল বৰাৰ

ধেমাজি জিলাৰ গোগামুখৰ অসম-অৰুণাচল সীমান্তৱর্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্রী অতুল বৰাই ধেমাজিৰ বিধায়ক তথা মন্ত্রী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জিলা আযুক্ত কার্যালয়ত অনুষ্ঠিত এই বৈঠকত আটাছু, টাইপা, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ সম্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ঐক্যমঞ্চ আৰু অসমীয়া যুৱ মঞ্চকে ধৰি বহুকেইটা সংগঠনৰ প্...