August 13, 2026 3:33 PM

printer

অসমৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ যদিও ৭ খন জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে

অসমৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ যদিও ৭ খন জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্রতিক বানত ৪৩৩ খন গাঁৱৰ ৮৬ হাজাৰ ৮৩২ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১০ হাজাৰ ৮৮৪ দশমিক ২-৭ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৪ হৈছেগৈ।

অসম চৰকাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত ৪৯৪টা অংগনবাড়ী কেন্দ্ৰলৈ কালি আনুষ্ঠানিকভাৱে আর্থিক সাহায্য প্ৰদান কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য মুকলি কৰে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰলৈ আঢ়ৈ লাখ টকা পৰ্যন্ত সাহায্যৰে কেন্দ্ৰসমূহ পুনৰ স্বাভাৱিক ৰূপত গঢ়ি তোলাৰ বাবে মুঠ ১১ কোটি ৩০ লাখ টকাৰ পুঁজি আগবঢ়োৱা হৈছে।

ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয়-ক্ষতিৰ বাবদ এতিয়ালৈকে বিভিন্ন শিতানত মোকলাই দিয়া ধনৰাশিৰ বিষয়ে প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইতিমধ্যে ৭৯৩খন বিদ্যালয়ক মেৰামতিৰ বাবে ২ লাখ টকাকৈ আগবঢ়োৱা হৈছে আৰু সম্প্ৰতি ৯০ শতাংশ বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হৈছে। উজনি অসমৰ চাৰিখন জিলাৰ ২৫৪ খন বিদ্যালয়ত ১৭ আগষ্টৰ পৰাহে পাঠদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে বান প্রভাৱিত জিলাসমূহৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ অহা ২০ আগষ্টৰ পূৰ্বে ডেৰ লাখ টকাকৈ অনুদান মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে। ড০ শর্মাই বানত সর্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় বিষয়ক লৈ আবেদন ৩০ আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান জনায়।