ৰাজ্য চৰকাৰে অসমৰ প্রশিক্ষিত আৰু দক্ষ নাৰ্চসকলৰ বাবে ছিংগাপুৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে গুৰুত্বপূর্ণ পদক্ষেপ লৈছে। এই উদ্দেশ্যে ছিংগাপুৰৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অধীনত জনস্বাস্থ্য সেৱাৰ কোম্পানী এম অ এইচ এইচৰ দুজনীয়া প্রতিনিধি দলে অসম ভ্রমণ কৰি ৰাজ্যখনৰ চিকিৎসা-শিক্ষা, নাৰ্ছিং শিক্ষা আৰু স্বাস্থ্য সেৱা ব্যৱস্থাৰ বিভিন্ন দিশ সম্পর্কে আলোচনা কৰে। এম অ’ এইচ এইচৰ মুখ্য কার্যবাহী বিষয়া এন্থনী টান আৰু স্বাস্থ্য সেবা মানৱ সম্পদ বিভাগৰ সহকাৰী সঞ্চালক জেৰেমী ছেনক লৈ গঠিত দলটোৱে ভ্রমণ কালত চিকিৎসা-শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত তথা সচিব তথা ড° সিদ্ধার্থ সিঙৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। আলোচনা কালত অসমৰ চিকিৎসা শিক্ষা, নাছিং শিক্ষা আৰু আনুষংগিক স্বাস্থ্য শিক্ষা ব্যৱস্থাৰ লগতে ৰাজ্যত উপলব্ধ প্রশিক্ষিত আৰু দক্ষ স্বাস্থ্য কর্মীৰ বিষয়ে ছিংগাপুৰৰ প্ৰতিনিধি দলটোৰ আগত বিশদভাবে উপস্থাপন কৰে। বৈঠকত অসমৰ দক্ষ নাছিং পেছাদাৰীসকলক ছিংগাপুৰৰ স্বাস্থ্যসেবা খণ্ডত কর্মসংস্থাপনৰ সুযোগ প্রদানৰ সম্ভাৱনাৰ বিষয়ে গুরুত্ব সহকাৰে আলোচনা কৰা হয়। অসমৰ দক্ষ নাৰ্ছসকলৰ বাবে নিয়মীয়াকৈ বিশেষকৈ বছৰি নিযুক্তি প্রক্রিয়া চলোৱাৰ এটা প্ৰস্তাৱৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।
Assamese | September 3, 2026 12:40 PM | Assam Nurse in Singapore
অসমৰ প্রশিক্ষিত আৰু দক্ষ নাৰ্চৰ বাবে ছিংগাপুৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ পদক্ষেপ