প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বার্ট ডি বেভাৰ আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহকে ধৰি দ্বিপাক্ষিক সম্পর্কক প্রভান্বিত কৰিব পৰা সমগ্র বিষয় আলোচনা কৰিব। বেলজিয়ামৰ প্রধানমন্ত্রীগৰাকী তিনিদিনীয়া ভ্রমণসূচীৰে যোৱানিশা ৰাজধানী দিল্লীত উপস্থিত হৈছে। তেওঁৰ সৈতে বেলজিয়ামৰ প্ৰতিৰক্ষা মন্ত্রী থিঅ’ ফ্রাংকেনো ভাৰতলৈ আহিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ যোৱা ফেব্ৰুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া প্ৰথম ভাৰত ভ্ৰমণ। প্রধানমন্ত্রী বেভাৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰত-ইউৰোপীয় মুক্ত বাণিজ্য চুক্তিৰ প্ৰেক্ষাপটত ভাৰতীয় ঔদ্যোগিক মহাসংঘৰ ব্যৱসায়িক কাৰ্যসূচীত ভাষণ দিব। এই ভ্রমণে ভাৰত আৰু বেলজিয়ামৰ অংশীদাৰিত্ব তথা সহযোগিতা বৃদ্ধি কৰাৰ লগতে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা তথা নবীকৰণযোগ্য শক্তিকে ধৰি দ্বিপাক্ষিক বিভিন্ন বিষয়ত সহযোগিতা অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ভাৰত আৰু বেলজিয়ামে তিনি শতিকাৰো অধিক কালজুৰি ঐতিহাসিক সৌহাদ্যপূর্ণ সম্পর্ক ৰক্ষা কৰি আহিছে। ১৯৪৭ চনৰ ছেপ্তেম্বৰত ভাৰতৰ সৈতে কূটনৈতিক সম্পর্ক স্থাপন কৰা অগ্রণী ইউৰোপীয় দেশসমূহৰ ভিতৰত বেলজিয়াম অন্যতম আছিল। ইউৰোপত বেলজিয়াম ভাৰতৰ গুৰুত্বপূৰ্ণ অর্থনৈতিক অংশীদাৰ হিচাপে পৰিগণিত হৈছে আৰু ২০২৫-২৬ বর্ষত দেশখনৰ সৈতে দ্বিপাক্ষিক বাণিজ্য ১৩ বিলিয়ন ডলাৰৰো অধিক হৈছে।
Assamese | September 3, 2026 12:20 PM | India-Belgium
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বার্ট ডি বেভাৰ দ্বিপাক্ষিক আলোচনা