ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অনাগত ৪ টা দিনত পশ্চিমবংগ, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্রবাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। ইয়াৰ উপৰি কৰ্ণাটকৰ মধ্যভাগ, তামিলনাড়ু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কেৰালা আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তত গ্রীষ্ম প্রবাহ অব্যাহত থাকিব বুলি অৱগত কৰিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে, অনাগত দুদিনত পূৱ ভাৰতত তাপমাত্রা প্রায় একৰ পৰা ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পাব আৰু ইয়াৰ পাছত ইয়াৰ কোনো বিশেষ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই । আনহাতে, অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা বুধবাৰৰ পৰা প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
Assamese | April 28, 2024 8:04 PM | Weather
অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বুধবাৰৰ পৰা প্ৰৱল বৰষুণৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ