সার্বভৌমত্বক আক্ৰমণ কৰা যিকোনো শক্তিৰ বিৰুদ্ধে ভাৰতে কিদৰে প্ৰত্যুত্তৰ দিব সেই কথা অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে সমগ্ৰ বিশ্বক দেখুৱাই দিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। শ্রীমোদীয়ে কয়, যে এই সামৰিক অভিযানে দেশজুৰি নতুন আত্মবিশ্বাসৰ সৃষ্টি কৰিছে। তামিলনাডুৰ গংগাইকোণ্ডা ছলাপুৰমত কালি আয়োজিত ঐতিহাসিক ছ’ল ৰজা ৰাজেন্দ্ৰ ছ’ল প্ৰথমৰ জন্মবার্ষিকীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লোৱা কোনো শত্রু বা সন্ত্ৰাসবাদীৰ বাবে কোনো ধৰণৰ সুৰক্ষিত স্থান নাই বুলি অপাৰেচন সিন্দূৰে প্ৰমাণ কৰি দিছে। দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰতি অহা যিকোনো ভাবুকিৰ প্ৰতি ভাৰতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি অপাৰেচন সিন্দূৰে সমগ্ৰ বিশ্বলৈ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে বুলি শ্রীমোদীয়ে লগতে মন্তব্য কৰিছে। ভাৰতৰ ইতিহাস আৰু সংস্কৃতিলৈ ছ’ল বংশৰ অৱদানৰ প্ৰতি সন্মান জনাই তামিলনাডুত ৰাজা ৰাজা ছ’ল আৰু ৰাজেন্দ্ৰ ছ’ল প্ৰথমৰ বিশাল প্রতিমূর্তি স্থাপন কৰা হ’ব বুলিও প্রধানমন্ত্ৰীয়ে ঘোষণা কৰে।
Assamese | July 28, 2025 10:11 AM | PM Modi at Tamil Nadu
অপাৰেচন সিন্দূৰ অভিযানে দেশজুৰি নতুন আত্মবিশ্বাসৰ সৃষ্টি কৰিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী