December 25, 2024 11:45 AM | New Governor appointment

printer

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ পাঁচখন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে পাঁচখন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিছে। মিজোৰামৰ ৰাজ্যপাল ডঃ হৰি বাবু কাস্তমপতিক ওড়িশাৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ওডিছাৰ বৰ্তমানৰ ৰাজ্যপাল ৰঘুবৰ দাসৰ পদত্যাগৰ পিছতে ডঃ হৰি বাবু কাস্তমপতিক এই দায়িত্ব অর্পণ কৰা হৈছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জেনেৰেল বিজয় কুমাৰ সিঙক মিজোৰামৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক কেৰালাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। একেদৰে প্ৰাক্তন গৃহ সচিব অজয় কুমাৰ ভল্লাক মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।