September 15, 2026 12:03 PM | Awashini Biashnav

printer

ৰাজ্যৰ সকলো ৰে’ল পথ বৈদ্যুতিকৰণ কৰা হৈছে বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

ৰাজ্যৰ সকলো ৰে’ল পথ বৈদ্যুতিকৰণ কৰা হৈছে বুলি কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি প্ৰকাশ কৰে। ১৬৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ লামডিং-বদৰপুৰ পাৰ্বত্য অংশৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজ্যখনে বৈদ্যুতিকৰণ যাত্ৰা সম্পূৰ্ণ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে অসমৰ ৰে’ল নেটৱৰ্ক এতিয়া সম্পূৰ্ণ বৈদ্যুতিকৃত। উত্তৰ-পূৰ্বাঞ্চলৰ দুৰ্গম পাহাৰীয়া ভূ-খণ্ড অতিক্ৰমী ১৬৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ লামডিং-বদৰপুৰ পাৰ্বত্য অংশৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে অসমে ৰে’ল বৈদ্যুতিকৰণৰ যাত্ৰাত ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিছে। ২০১৪ চনৰ পূৰ্বে ব্ৰডগজ ৰে’ল নেটৱৰ্কৰ সৈতে সংযুক্ত নোহোৱা অঞ্চলো বর্তমান বৈদ্যুতিকৰণৰ দ্বাৰা সমৃদ্ধ হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই অভিযান সফলভাৱে সমাপন কৰাৰ বাবে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ২০১৪ চনৰ পৰা বিভিন্ন সময়ত এই অভিযানক সুস্থিৰ গতি প্রদান কৰা পীযুষ গোৱেল আৰু সুৰেশ প্রভূকো ৰাজ্যবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে।