২০২৫ বৰ্ষৰ মহাকুম্ভ মেলা ঐক্য আৰু সমতাৰ এনে মহাযজ্ঞ হ’ব, যিয়ে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰি আগুৱাই লৈ যাব আৰু সমগ্ৰ বিশ্বই এই লৈ আলোচনা কৰিব। প্ৰয়াগৰাজৰ সংগমত আজি ২০২৫ বৰ্ষৰ মহাকুম্ভ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, অহা বছৰৰ ১৩ জানুৱাৰীৰ পৰা চৰকাৰীভাৱে আৰম্ভ হ’বলগীয়া এই মহাকুম্ভ মেলাৰ অহা ২৬ ফেব্ৰুৱাৰীত সামৰণি পৰিব। ইয়াৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰয়াগৰাজৰ আন্তঃগাঁথনি বিকাশৰ উদ্দেশ্যে প্রায় ৫ হাজাৰ ৫০০ কোটি টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্রকল্পসমূহৰ ভিতৰত ১০ খন নতুন উৰণ সেতু, নদী ঘাট, নদীৰ দাঁতিৰ পথ আদি সামৰি লোৱা হৈছে। এই প্ৰকল্পসমূহে প্ৰয়াগৰাজ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ মাজত যোগাযোগ অধিক সুচল কৰি তুলিব। শ্রীমোদীয়ে কয়, যে পবিত্ৰ প্ৰয়াগৰাজৰ এই মহা কুম্ভমেলাই নতুন ইতিহাস ৰচনা কৰিব। এই মেলাই এক ভাৰত, শ্রেষ্ঠ ভাৰতৰ প্ৰকৃত আদর্শকো প্ৰতিনিধিত্ব কৰে।
Assamese | December 13, 2024 8:13 PM | narendra modi | PMO India
২০২৫ বৰ্ষৰ মহাকুম্ভ মেলা ঐক্য আৰু সমতাৰ এনে মহাযজ্ঞ হ’ব, যিয়ে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰি আগুৱাই লৈ যাবঃ প্ৰধানমন্ত্ৰী