আজি কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পুৱাৰে পৰা এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠা, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগত ভাবেও বিশ্বকর্মা পূজাৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে পূজাথলীসমূহ আটক ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাগাৰা নাম, নাম প্ৰসংগ আদিব আয়োজন কৰা হৈছে। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গুৱাহাটী মহানগৰীৰ বজাৰসমূহতো পূজাৰ বাবে প্ৰয়োজনীয় বিভিন্ন সা-সামগ্ৰীৰ পয়োভৰ দেখা গৈছে। মহানগৰীৰ কামাখ্যা গেটত থকা বিশ্বকর্মা মন্দিৰতো পূজাৰ আয়োজন কৰা হৈছে। আনহাতে বিশ্বকর্মাৰ মৃণ্ময় মূৰ্তি ক্ৰয় কৰিবলৈ মৃৎশিল্পীসকলৰ ওচৰত অগণন লোকে ভিৰ কৰা দেখা গৈছে। ধুবুৰী জিলাতো উলহ-মালহেৰে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। জিলাখনৰ বিলাসীপাৰা, গোলকগঞ্জ, গৌৰীপুৰ আদি ঠাইৰ পূজাথলীসমূহ সজাই পৰাই তোলা হৈছে।
Assamese | September 17, 2024 11:46 AM | Bishwakarma Puja
কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা উলহ মালহেৰে পালন