দিল্লীৰ এখন আদালতে, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ন্যায়িক জিম্মাত থকা অৱস্থাত তেওঁৰ অধিবক্তাক সাক্ষাতৰ বাবে অধিক সময় বিচাৰি জনোৱা আবেদন অগ্ৰাহ্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰাগাৰৰ ভিতৰৰ পৰা চৰকাৰ পৰিচালনা কৰিবলৈ বিচাৰিছে বাবেই তেওঁলৈ বিশেষ সুবিধা আগবঢ়াব নোৱাৰি বুলি মত প্ৰকাশ কৰি বিধি বলৱৎকাৰী সঞ্চালকালয়ে কেজৰিৱালৰ এই আবেদনৰ বিৰুদ্ধে যুক্তি দশোৱাৰ পৰিপ্ৰেক্ষিতত আদালতে এই সিদ্ধান্ত ঘোষণা কৰে। উল্লেখযেগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ থকাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টো অনুধাৱন কৰা তথা পৰামৰ্শ দিয়াৰ বাবে সপ্তাহত মাত্র এঘণ্টা সময় যথেষ্ট নহয় বুলি কেজৰিৱালৰ অধিবক্তাই ন্যায়াধীশৰ ওচৰত যুক্তি প্ৰদৰ্শন কৰিছিল।
Assamese | April 10, 2024 5:37 PM | Arvind Kejriwal
অৰবিন্দ কেজৰিৱালৰ অধিবক্তাক সাক্ষাতৰ বাবে অধিক সময় বিচাৰি জনোৱা আবেদন অগ্ৰাহ্য