আজি বিশ্ব স্বাস্থ্য দিৱস। জনসাধাৰণৰ মাজত স্বাস্থ্য সচেতনতা বঢ়োৱাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে আজি বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। প্ৰতিবছৰে এই দিনটোতে বিশ্ব স্বাস্থ্য দিৱস পালন কৰি স্বাস্থ্য সংক্রান্তীয় এটা বিশেষ বিষয় সন্দৰ্ভত মানুহৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। ১৯৪৮ চনৰ আজিৰ এই দিনটোতেই বিশ্ব স্বাস্থ্য সংস্থাৰ জন্ম হৈছিল। এই বছৰৰ বিশ্ব স্বাস্থ্য দিৱসৰ প্ৰতিপাদ্য বিষয়বস্তু হৈছে- স্বাস্থ্যৱান আৰম্ভণি, আশাপূর্ণ ভৱিষ্যৎ। এই বিষয়টোৰ জৰিয়তে বিভিন্ন ৰোগ, মানসিক স্বাস্থ্যৰ প্ৰত্যাহ্বান সম্পর্কে সচেতনতা সৃষ্টি আৰু সমগ্ৰ বিশ্বতে স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ চেষ্টা কৰা হৈছে। প্ৰতিবছৰে বিশ্ব স্বাস্থ্য সংস্থাই এই দিৱসৰ বাবে এটা বিশেষ বিষয়ত আলোকপাত কৰে। ১৯৫০ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল। ইয়াৰ পাছত স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ আৰু মনোযোগ আকৰ্ষণৰ বাবে প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে।
Assamese | April 7, 2025 12:03 PM | World Health Day is celebrated today
সমগ্ৰ বিশ্বতে আজি বিশ্ব স্বাস্থ্য দিৱস পালন