লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্রহণ আজি সন্ধিয়া ৬ বজাত সামৰণি পৰে। এই পৰ্যায়ত দেশৰ ৬খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হয়। নির্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি বিয়লি ৫ বজালৈকে সামগ্রিকভাৱে ৫৬ দশমিক ৬-৮ শতাংশ ভোটদান সম্পন্ন হয়। উত্তৰ প্ৰদেশত প্ৰায় ৫৬ শতাংশ, মহাৰাষ্ট্ৰত ৪৯, পশ্চিমবঙ্গত ৭৩, ওড়িশাত ৬১ আৰু বিহাৰত ৫২, ঝাৰখণ্ডত ৬২ আৰু জম্মু-কাশ্মীৰ তথা লাডাখত ৫৪ শতাংশ ভোটদান সম্পন্ন হোৱাৰ বাতৰি পোৱা গৈছে। উল্লেখযোগ্য যে পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১৩ টা, পশ্চিমবংগৰ সাতটা, ওড়িশা আৰু বিহাৰৰ ৫ টাকৈ, ঝাৰখণ্ডৰ তিনিটা আৰু জম্মু-কাশ্মীৰ তথা লাডাখৰ এটাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। এই পৰ্যায়ত ৬৯৫ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, পীয়ুষ গোৱেল, স্মৃতি ইৰাণী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কে এল শর্মা, নেচনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লা আৰু এল জে পি ৰামবিলাস পাছোৱানৰ চিৰাগ পাছোৱান অন্যতম।
Assamese | May 20, 2024 9:04 PM | Lok Sabha Election poll 5th phase
লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্রহণৰ সামৰণি, বিয়লি ৫ বজালৈ সামগ্ৰিকভাৱে ৫৬.৬৮ শতাংশ ভোটদান