চৰকাৰে দেশত স্বাস্থ্য সেৱাৰ প্ৰতি সামগ্রিক দৃষ্টিকোণেৰে কাম কৰি আছে বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। বিশ্ব যকৃৎ দিৱস উপলক্ষে আজি নতুন দিল্লীৰ যকৃৎ আৰু পিত্ত বিজ্ঞান প্রতিষ্ঠানে আয়োজন কৰা সুস্থ যকৃৎ, সুস্থ ভাৰত শীৰ্ষক এটা অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত এঘাৰ বছৰত স্বাস্থ্য আন্তঃগাঁথনিৰ যথেষ্ট বিকাশ হৈছে। স্বাস্থ্য বাজেট ২০১৪ চনৰ ৩৭ হাজাৰ কোটি টকাৰ পৰা এক লাখ ২৭ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ২০১৪ চনত দেশত সাতখন অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান আৰু সম্প্ৰতি এনে প্ৰতিষ্ঠানৰ সংখ্যা ২৩ লৈ বৃদ্ধি পাইছে। দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যাও ৩৮৭ ৰ পৰা ৭৮০ লৈ বৃদ্ধি পাইছে বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। জনসাধাৰণৰ মাজত যকৃৎ ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বিষয়ে গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে সুস্বাস্থ্যৰ বাবে পুষ্টিকৰ আহাৰ, পৰ্যাপ্ত টোপনি আৰু নিয়মীয়া ব্যায়াম জৰুৰী। তেওঁ শৰীৰৰ বাবে দুঘণ্টা ব্যায়াম আৰু মস্তিষ্কৰ বাবে ছঘণ্টা টোপনিৰ বাবে আছুতীয়াকৈ ৰাখিবলৈ যুৱ সমাজৰ প্ৰতি আহ্বান জনায় যাতে তেওঁলোকে আৰু ৪০-৫০ বছৰ জীয়াই থাকিব পাৰে আৰু দেশৰ প্ৰগতিত অৰিহণা যোগাব পাৰে। বিশ্ব যকৃৎ দিৱস উপলক্ষে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই খোৱা তেলৰ ব্যৱহাৰ কমেও দহ শতাংশ হ্ৰাস কৰিবলৈ আৰু সুস্থ জীৱনশৈলী অনুসৰণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। শ্রীনাড্ডাই সামাজিক মাধ্যমযোগে কৈছে যে, খাদ্য ঔষধ হিচাপে গণ্য কৰিলে সৰু সৰু পৰিৱৰ্তনো ফলাফলৰ কাৰক হ’ব পাৰে । শ্ৰীনাড্ডাৰ পোষ্টৰ প্ৰতি সহাৰি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুষ্টিকৰ খাদ্য আৰু সুস্থ জীৱনশৈলীৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ব যকৃৎ দিৱস পালনৰ এনে ধৰণৰ প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয়। তেওঁ কয় যে তেলৰ ব্যৱহাৰ কম কৰাৰ দৰে সৰু সৰু কামৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ’ব পাৰে। প্ৰধানমন্ত্ৰীয়ে মেদবহুলতাৰ বিষয়ে সজাগতা সৃষ্টি কৰি এখন সুস্থ সৱল ৰাষ্ট্ৰ গঢ়াৰ প্ৰচেষ্টাত যোগদান কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
Assamese | April 19, 2025 9:13 PM | Union Minister Amit Shah Highlights Holistic Healthcare Approach on World Liver Day
চৰকাৰে দেশত স্বাস্থ্য সেৱাৰ প্ৰতি সামগ্রিক দৃষ্টিকোণেৰে কাম কৰি আছেঃ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ