গণ প্ৰহাৰত এজন লোকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কর্তব্যত গাফিলতিৰ বাবে ওদালগুৰিৰ আৰক্ষী অধীক্ষকে ইকৰাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জে পি শৰ্মাক ৰিজাৰ্ভ ক্লজৰ নিৰ্দেশ দিছে। যোৱা ২০ মাৰ্চত ওদালগুৰি জিলাৰ কঠালবাৰী গাঁৱত তামোল চুৰিৰ সন্দেহত লালমোহন ৰায় নামৰ এজন লোক গাঁওবাসীৰ প্ৰহাৰত নিহত হৈছিল আৰু এই সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীয়ে তদন্ত প্ৰক্ৰিয়াত গাফিলতি কৰাৰ অভিযোগ উঠিছিল। এই অভিযোগৰ প্ৰাথমিক তদন্তৰ পাছত জিলা আৰক্ষী অধীক্ষক পুস্কিন জৈনে আজি এই নিৰ্দেশ জাৰি কৰে।
Assamese | March 25, 2025 6:16 PM | Udalguri police
গণ প্ৰহাৰত এজন লোকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ওদালগুৰিৰ আৰক্ষীৰ জে পি শৰ্মাক ৰিজাৰ্ভ ক্লজৰ নিৰ্দেশ