অসম-নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত কালি নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ত এখন ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিঅ’ আৰু কেন্দ্ৰীয় কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অনুষ্ঠানত কয়, যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ এহেজাৰ বৰ্গ কিলোমিটাৰতকৈ অধিক এলেকাত থকা তেল, গেছ আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ নতুন দুৱাৰ মুকলি হ’ব। এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলক মূল চালিকাশক্তি হিচাপে লৈ ভাৰতবৰ্ষক শক্তিখণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথ বাধা হৈ থকা পুৰণি তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ আৰু খনিজ সম্পদৰ অন্বেষণৰ চুক্তিখনেই ইয়াৰ প্ৰমাণ। চুক্তি সম্পাদনাৰ লগে লগে উত্তৰ-পূব অর্থাৎ অষ্টলক্ষ্মী অঞ্চলৰ বাবে নতুন যুগৰ আৰম্ভণি ঘটিল বুলি তেওঁ মন্তব্য কৰে।
চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ স্বাধীন ভাৰতৰ ইতিহাসত সঁচাকৈ বিৰল। তেওঁ কয়, যে অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে ২০১৯ চনৰ পৰা এতিয়ালৈ ১২ খন চুক্তি সম্পাদন হৈছে। অহা বছৰৰ ভিতৰত কেইখনমান ৰাজ্যৰ বাহিৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন – আফ্স্পা প্ৰত্যাহাৰ কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে।
উল্লেখযোগ্য যে অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ বৃহৎ ভাণ্ডাৰ আছে বুলি অনুমান কৰা হৈছে। অঞ্চলটোত মূল্যবান হাইড্ৰ’ কাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অর্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব।