June 12, 2026 12:00 PM | death news

printer

বিশিষ্ট সমাজকর্মী ইন্দ্ৰ শৰ্মা শিৱাকোটিৰ দেহাৱসান

ওদালগুৰি জিলাৰ শুক্লাই নিবাসী বিশিষ্ট সমাজকর্মী ইন্দ্ৰ শৰ্মা শিৱাকোটিৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। শুক্লাইখুটি প্রাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা ইন্দ্ৰ শৰ্মাই অঞ্চলটোৰ কেইবাটাও সংঘ, সমবায় সমিতি আৰু শৈক্ষিক প্ৰতিষ্ঠান স্থাপন সৈতে জড়িত আছিল। ভাষা আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তিগৰাকীয়ে ওদালগুৰি জিলাৰ ভূটান সীমান্তত অসম গণ পৰিষদ দলৰ ভেটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ বি পি এফ দলৰ সৈতে জড়িত হৈ বহু সামাজিক কাম কৰিছিল। তেওঁৰ মৃত্যুত অসম গোর্খা সন্মিলন কেন্দ্রীয় সমিতি, নেপালী সাহিত্য সভা, শুক্লাই প্রাথমিক শিক্ষক সন্মিলনকে ধৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে শোক প্ৰকাশ কৰিছে।