সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত, অসমৰ লোক সংগীত আৰু বিহুৰ অপ্ৰতিদ্বন্দ্বী শিল্পী খগেন মহন্তৰ মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হয়। আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে ১৯৬৫ চনৰ পৰা গীত পৰিৱেশন আৰম্ভ কৰা শিল্পীগৰাকীয়ে ১৯৭২ চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোক সংগীতৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। প্ৰথমে আকাশবাণীৰ সুৰকাৰ হিচাপে নিয়োজিত হৈ পাছলৈ সংগীত প্রযোজকৰ দায়িত্ব গ্ৰহণ কৰে। ২০০১ চনত আকাশবাণীৰ উত্তৰ-পূব সঞ্চালকালয়ৰ উপ-সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা শিল্পীগৰাকীয়ে অসমীয়া লোক-সংগীতৰ শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন পদক্ষেপ লৈছিল। গাঁৱে-ভূঞে গৈ চহা মানুহৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে লোকগীতৰ লেচেৰী বুটলি এনে গীতসমূহ সংৰক্ষণৰ দিহা কৰাৰ ক্ষেত্ৰতো তেওঁ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। ২৩ খন অসমীয়া চলচ্চিত্ৰত নেপথ্য শিল্পী হিচাপে কণ্ঠদান কৰা শিল্পীগৰাকীয়ে তিনিখন অসমীয়া চলচ্চিত্ৰ পৰিচালনাও কৰিছিল। স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্রদ্ধা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাত কয়, যে শিল্পীগৰাকীৰ সুললিত কণ্ঠই ৰাজ্যৰ লোক সংস্কৃতি, ঐতিহ্য আৰু বিহুৰ সংৰক্ষণ আৰু প্ৰসাৰত অৰিহণা যোগাইছিল। গাঁৱৰ মাটিৰ নিভাঁজ গোন্ধেৰে ভৰা তেওঁৰ সংগীতে অসমৰ জনজীৱন, আশা-আকাংক্ষা আৰু আৱেগক সজীৱভাৱে প্ৰতিফলিত কৰে বুলি তেওঁ উল্লেখ কৰে।
Assamese | June 12, 2026 12:46 PM | Khagen Mhanta
শিল্পী খগেন মহন্তৰ মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন