তেজপুৰৰ লিচুয়ে এশ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে কালি তেজপুৰ ৰেডক্ৰছ ছ’চাইটিৰ সভাগৃহত লিচু উৎসৱ অনুষ্ঠিত কৰা হয়। তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি পদ্মনাথ গোহাঁই বৰুৱাই ১৯২২ চনত পল্টন পুখুৰীৰ পাৰত লিচু গছ ৰোপণেৰে এই যাত্ৰা আৰম্ভ কৰিছিল। কালিৰ সভাত শোণিতপুৰ জিলা আয়ুক্তই তেওঁৰ ভাষণত কয়, যে বর্তমান জিলাখনত ৭০ গৰাকী খেতিয়ক সক্রিয়ভাৱে লিচু খেতিৰ সৈতে জড়িত হৈ আছে আৰু প্ৰায় ৩০০ বিঘা মাটিত লিচু খেতি কৰা হৈছে। অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ প্রীতম দেৱে তেজপুৰৰ লিচুৰ জি আই টেগৰ ধাৰা অক্ষুণ্ণ ৰাখি ইয়াক পৰ্যটনৰ সৈতে সংযোগ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। এই অনুষ্ঠানতে লিচুৰ বিভিন্ন প্ৰজাতিৰ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা কৃষি তথা নাবাৰ্ডৰ বিষয়াসকলে লিচু খেতি আৰু ব্যৱসায়ৰ উন্নয়নৰ বাবে নিজ নিজ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰে।
Assamese | June 4, 2025 1:55 PM | tezpur lichi assam
তেজপুৰৰ লিচুয়ে এশ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে তেজপুৰ ৰেডক্ৰছ ছ’চাইটীৰ সভাগৃহত লিচু উৎসৱ উদযাপন