June 9, 2026 11:25 AM

views 40

তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি পীয়ুষ গোৱেলৰ প্রকাশ

জি আই টেগ লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্রকাশ কৰিছে। তেওঁ কয়, যে কৃষি আৰু প্ৰসংস্কৰণ, খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ ইতিমধ্যে প্রথম পৰ্যায়ৰ ৰপ্তানি কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী গোৱেলে কয়, যে এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ লিচু খেতিয়কসকলে উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ- পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। ইফালে, প্রধানমন্ত্ৰীৰ কাৰ্যা...

June 4, 2025 1:55 PM

views 67

তেজপুৰৰ লিচুয়ে এশ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে তেজপুৰ ৰেডক্ৰছ ছ’চাইটীৰ সভাগৃহত লিচু উৎসৱ উদযাপন

তেজপুৰৰ লিচুয়ে এশ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে কালি তেজপুৰ ৰেডক্ৰছ ছ'চাইটিৰ সভাগৃহত লিচু উৎসৱ অনুষ্ঠিত কৰা হয়। তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি পদ্মনাথ গোহাঁই বৰুৱাই ১৯২২ চনত পল্টন পুখুৰীৰ পাৰত লিচু গছ ৰোপণেৰে এই যাত্ৰা আৰম্ভ কৰিছিল। কালিৰ সভাত শোণিতপুৰ জিলা আয়ুক্তই তেওঁৰ ভাষণত কয়, যে বর্তমান জিলাখনত ৭০ গৰাকী খেতিয়ক সক্রিয়ভাৱে লিচু খেতিৰ সৈতে জড়িত হৈ আছে আৰু প্ৰায় ৩০০ বিঘা মাটিত লিচু খেতি কৰা হৈছে। অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ প্রীতম দেৱে তেজপুৰৰ লিচুৰ জি আই টেগৰ ধাৰা...