June 9, 2026 11:25 AM | tezpur lichi assam

printer

তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি পীয়ুষ গোৱেলৰ প্রকাশ

জি আই টেগ লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্রকাশ কৰিছে। তেওঁ কয়, যে কৃষি আৰু প্ৰসংস্কৰণ, খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ ইতিমধ্যে প্রথম পৰ্যায়ৰ ৰপ্তানি কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী গোৱেলে কয়, যে এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ লিচু খেতিয়কসকলে উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ- পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব।

ইফালে, প্রধানমন্ত্ৰীৰ কাৰ্যালয়লৈ কালি ১০ হাজাৰ ৩০০ লিচু প্ৰেৰণ কৰা হয় । তেজপুৰৰ একাংশ লিচু খেতিয়কে প্রধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এই লিচুসমূহ হৈছে – ব’স্বায়া, শ্বাহী, ইলাচী, বিলাতী আৰু পিয়াজি জাতৰ। উল্লেখযোগ্য যে তেজপুৰৰ লিচুৰ সোৱাদ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ এই লিচুৰ প্ৰশংসা কৰিছিল ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।