September 8, 2026 12:25 PM

views 5

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি ইটানগৰলৈ ৰাওনা হব

উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্য ভ্রমণসূচীৰে অসমত পৰহি উপস্থিত হোৱা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি ইটানগৰলৈ ৰাওনা হ'ব। তেওঁ অৰুণাচল প্রদেশ বিধানসভাৰ বিশেষ অধিৱেশনত উপস্থিত থকাৰ লগতে গেলেৰী আৰু সংগ্ৰাহালয় দৰ্শন কৰিব। তেওঁ লগতে ইটানগৰত থকা জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰাহালয় আৰু শ্ৰৱণ আৰু দৃষ্টিশক্তি ৰহিত ডঞী প'ল' মিছন স্কুল পৰিদৰ্শন কৰিব। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কালি মেঘালয়ৰ শ্বিলঙত ইউ চ'চ' থাম প্ৰেক্ষাগৃহত তেওঁৰ সন্মানৰ অৰ্থে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে এহেজাৰ কোটি টকা ব্...

June 29, 2026 8:50 PM

views 18

৮ গৰাকী ৰাজ্যসভাৰ সদস্যক উপ-ৰাষ্ট্ৰপতিৰ শপত বাক্য পাঠ

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণে আজি সংসদ ভৱনত নৱনিৰ্বাচিত আৰু পুনৰ নিৰ্বাচিত ৮ গৰাকী ৰাজ্যসভাৰ সদস্যক শপত বাক্য পাঠ কৰোৱায়। তেওঁলোকৰ ভিতৰত আছে- কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গে, কৰ্ণাটকৰ বিজেপি দলৰ এম নাগাৰাজা, পঞ্জাবৰ বিজেপি নেতা তৰুণ সুঘ, গুজৰাটৰ মনসিং মেৰামন পাৰ্মাৰ আৰু জীতেন্দ্ৰ মেঘজীভাই কাঞ্জাৰিয়া, ৰাজস্থানৰ ড° অলকা সিং, মণিপুৰৰ অধিকাৰী মায়ুং সাৰদা দেৱী আৰু মহাৰাষ্ট্ৰৰ এন চি পিৰ নেতা ৰাজেন্দ্ৰ হীৰালাল জৈন। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু জগত প্ৰকা...

November 14, 2025 12:24 PM

views 50

ভাৰতীয় দূৰ সংযোগ সেৱাৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ভাৰতীয় দূৰ সংযোগ সেৱাৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভাৰতীয় দূৰসংযোগ সেৱাৰ ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত দূৰ সংযোগ ক্ষেত্ৰৰ বিকাশত বিভাগটোৰ অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। ১৯৬৫ চনত ভাৰতীয় দূৰসংযোগ সেৱা গঠন কৰা হৈছিল। দূৰসংযোগ খণ্ডৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ প্ৰযুক্তি আৰু ব্যৱস্থাপনা বিষয়ক আৱশ্যকতা পূৰণ কৰাৰ উদ্দেশ্যে এই সেৱা গঠন কৰা হৈছিল।

November 6, 2025 8:22 PM

views 54

শতপল শর্মাক আজি উপ-ৰাষ্ট্ৰপতিৰ শপতবাক্য পাঠ

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্য সভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণে আজি শতপল শর্মাক শপতবাক্য পাঠ কৰোৱায়। শ্রীশৰ্মা সংসদৰ উচ্চ সদনৰ সদস্য হিচাপে নির্বাচিত হৈছে। তেওঁ ভাৰতীয় জনতা পার্টীৰ সদস্য হিচাপে জম্মু কাশ্মীৰৰ পৰা নিৰ্বাচিত হৈছে। শপতগ্রহণ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী আৰু ড০ জিতেন্দ্র সিঙো উপস্থিত থাকে।

October 7, 2025 11:36 AM

views 87

বিৰোধী দলকে ধৰি সকলো দলৰ নেতাসকলৰ সৈতে উপ-ৰাষ্ট্ৰপতিৰ বাৰ্তালাপ

● উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি বিৰোধী দলসমূহকে ধৰি সকলো দলৰ নেতাসকলৰ সৈতে বাৰ্তালাপ কৰিব। চি পি ৰাধাকৃষ্ণনৰ জনপ্রতিনিধিসকলৰ সৈতে এয়া হ'ব উচ্চ সদনৰ সভাপতি হিচাপে প্রথমখন আনুষ্ঠানিক বৈঠক। অহা মাহত হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি হ'বলগীয়া এই বৈঠকখনে বিশেষ তাৎপর্য বহন কৰিছে। এই বৈঠকতে চি পি ৰাধাকৃষ্ণনে সংসদৰ সমাগত অধিৱেশনৰ সময়ছোৱাত সুকলমে সদন পৰিচালনা কৰাৰ ক্ষেত্ৰত নেতাসকলৰ সৈতে আলোচনা কৰিব। উল্লেখযোগ্য যে চি পি ৰাধাকৃষ্ণনক শাসকীয় এন ডি এ চৰকাৰে উপ-ৰাষ্ট্...

September 8, 2025 9:15 PM

views 86

দেশৰ পঞ্চদশগৰাকী উপৰাষ্ট্ৰপতিৰ বাবে কাইলৈ নিৰ্বাচন

দেশৰ পঞ্চদশগৰাকী উপৰাষ্ট্ৰপতিৰ বাবে কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব। এন ডি এ মিত্ৰজোটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ আৰু আই এন ডি আই মিত্রজোটৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ মাজত উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা হ'ব। সাংবিধানিক ব্যৱস্থা অনুযায়ী লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলক লৈ গঠিত ভোটদাতা মণ্ডলীয়ে সমানুপাতিক প্রতিনিধিত্বৰ আধাৰত উপৰাষ্ট্ৰপতি পদৰ বাবে গোপন বেলটৰ যোগেৰে ভোটদান কৰে। বৰ্তমান লোকসভাৰ সদস্যৰ সংখ্যা হৈছে ৫৪২ আৰু ৰাজ্যসভাৰ ...

August 27, 2025 8:50 PM

views 76

আফ্রিকা আৰু ভাৰতে বহুত আগৰে পৰা এক ঐতিহাসিক সম্পৰ্ক ৰক্ষা কৰি আহিছে বুলি ড° চি.জি.ডি.এন. চিৱেংগাৰ প্ৰকাশ

জিম্বাবুৱেৰ উপ-ৰাষ্ট্ৰপতি ড° চি.জি.ডি.এন. চিৱেংগাই কয়, যে আফ্রিকা আৰু ভাৰতে বহুত আগৰে পৰা এক ঐতিহাসিক সম্পৰ্ক ৰক্ষা কৰি আহিছে। তেওঁ উল্লেখ কৰে যে, দুয়োখন দেশৰ মাজত প্ৰযুক্তি, উদ্ভাৱন, বৈচিত্র্যতা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে অংশীদাৰিত্বৰ বিষয়ত গুৰুত্ব আৰোপ কৰি অহা হৈছে। আজি নতুন দিল্লীত চিআইআই ইণ্ডিয়া-আফ্রিকা বাণিজ্য সন্মিলনত ভাষণ প্ৰদান কৰি ড° চিৱেংগাই কয়, যে ভাৰতৰ সৈতে ব্যৱসায় কৰিবৰ বাবে জিম্বাবোৱেৰ পথ সদায় মুকলি। তেওঁ কয় যে সদ্যহতে প্রধানতঃ মূল্য সৃষ্টিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে ...

August 21, 2025 5:07 PM

views 127

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী তথা সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ সংসদ ভৱনত মনোনয়ন পত্ৰ দাখিল

আই এন ডি আই মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে আজি সংসদ ভৱনত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, এন চি পিৰ নেতা শাৰদ পাৱাৰ, সমাজবাদী পাৰ্টীৰ নেতা ৰাম গোপাল যাদৱ, ডি এম কেৰ নেতা তিৰুচি শিৱা আৰু টি এম চিৰ নেত্ৰী শতাব্দী ৰয়কে ধৰি আই এন ডি আই মিত্ৰজোঁটৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে শ্ৰীৰেড্ডীয়ে সংসদ ভৱনৰ প্ৰেৰ...

August 18, 2025 7:03 PM

views 57

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সমাগত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনীত

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সমাগত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কালি নতুন দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত দলৰ সংসদীয় পৰিষদৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে এন ডি এৰ সকলো লোকে এই সিদ্ধান্তৰ সমৰ্থন কৰিছে। শ্রীনাড্ডাই লগতে কয়, যে উপ-ৰাষ্ট্ৰপতি নির্বাচন সুনিশ্চিত কৰাৰ বাবে বিজেপিয়ে সকলো দলৰ সৈতে সমন্বয় ৰক্ষাৰ প্ৰয়াস কৰিছে। বিগত সপ্তাহত এন ডি এৰ সহযোগী দল আৰ...

August 1, 2025 8:21 PM

views 55

৯ ছেপ্তেম্বৰত উপ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ’ব

নির্বাচন আয়োগে অহা ৯ ছেপ্তেম্বৰত উপ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব বুলি আজি ঘোষণা কৰিছে। নির্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই নিৰ্বাচনৰ বাবে অহা ৭ আগষ্টত আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ'ব। ২১ আগষ্টৰ ভিতৰত মনোনয়ন পত্র দাখিল কৰিব লাগিব আৰু প্ৰয়োজন হ'লে ৯ ছেপ্তেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব। উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিধি অনুযায়ী ভোটগ্রহণ সংসদ ভৱনত অনুষ্ঠিত হ'ব। লোকসভাৰ ৫৪২ গৰাকী নিৰ্বাচিত সাংসদ আৰু ৰাজ্যসভাৰ ২৩৩ গৰাকী নিৰ্বাচিত সাংসদে এই নির্বাচনত অংশগ্রহণ কৰিব পাৰিব। সমানুপাতিক প্ৰতিনিধিত...