September 8, 2026 12:25 PM | Vice President

printer

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি ইটানগৰলৈ ৰাওনা হব

উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্য ভ্রমণসূচীৰে অসমত পৰহি উপস্থিত হোৱা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি ইটানগৰলৈ ৰাওনা হ’ব। তেওঁ অৰুণাচল প্রদেশ বিধানসভাৰ বিশেষ অধিৱেশনত উপস্থিত থকাৰ লগতে গেলেৰী আৰু সংগ্ৰাহালয় দৰ্শন কৰিব। তেওঁ লগতে ইটানগৰত থকা জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰাহালয় আৰু শ্ৰৱণ আৰু দৃষ্টিশক্তি ৰহিত ডঞী প’ল’ মিছন স্কুল পৰিদৰ্শন কৰিব।

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কালি মেঘালয়ৰ শ্বিলঙত ইউ চ’চ’ থাম প্ৰেক্ষাগৃহত তেওঁৰ সন্মানৰ অৰ্থে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে এহেজাৰ কোটি টকা ব্যয় সাপেক্ষ পাঁচটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত মেঘালয়ৰ চহকী ঐতিহ্য, প্রাকৃতিৰ সৌন্দৰ্য আৰু মাতৃপ্রধান ঐতিহ্যকে ধৰি ব্যতিক্রমী সামাজিক সংস্থাসমূহৰ কথা উল্লেখ কৰে। তেওঁ কয়, যে ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ সংস্থাসমূহে ভাৰতৰ বৈচিত্ৰ আৰু গণতান্ত্ৰিক পৰম্পৰাক প্ৰতিফলিত কৰিছে। এহেজাৰ কোটিতকৈও অধিক ধন ব্যয় সাপেক্ষে গ্ৰহণ কৰা প্ৰকল্পসমূহে ৰাজ্যখনৰ যথেষ্ট উন্নতি কৰিব বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই প্রকল্প ৰূপায়িত হ’লে মেঘালয়ৰ নাগৰিক সকলৰ পানীৰ নিৰাপত্তা সুনিশ্চিত হ’ব। পথ সংযোগকৰণ প্রকল্প, শ্বিলং ছিভিল হাস্পতালত আয়ুষৰ সুবিধা আৰু পি এম ডিভাই আঁচনিৰ অধীনত বিকলাই তোলা ছাবষ্টেচনে ৰাজ্যখনৰ অত্যাৱশ্যকীয় সেৱাসমূহ পুৰণ কৰাত সহায় কৰিব। মেঘালয়ৰ জনসাধাৰণ বিশেষকৈ যুৱ প্ৰজন্ম‍ই ৰাজ্যখন উন্নতিৰ বাবে উৎসৰ্গাৰ মনোভাবেৰে কাম কৰি যাব বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে আশা ব্যক্ত কৰে।

তেওঁ ৰাজ্যখনৰ গাৰো, খাচী আৰু জয়ন্তীয়া লোকসকলে পৰিৱেশন কৰা চহকী সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে ।