June 16, 2024 7:38 PM

views 51

সংসদ ভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা প্ৰেৰণা স্থল উদ্বোধন উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ৰ

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদ্বীপ ধনখড়ে আজি সংসদভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা প্ৰেৰণা স্থল উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীত ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিং, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে ৰাজ্যসভা আৰু লোকসভাৰ সদস্যসকল উপস্থিত থাকে। বিভিন্ন দেশৰ প্রতিনিধি তথা অন্যান্য দর্শনার্থীসকলে যাতে সংসদভৱন চৌহদৰ একেটা স্থানতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ মহান নেতা আৰু স্বাধীনতা যুঁজাৰুসকলৰ প্ৰতিমূৰ্তি দৰ্শন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে তাৰ বাবে এই প্ৰেৰণা স্থল নিৰ্মাণ কৰ...

June 3, 2024 5:54 PM

views 69

মধ্যপ্ৰদেশৰ ৰাজগড়ত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকললৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ গভীৰ সমবেদনা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি শ্রীজগদীপ ধনখড়ে মধ্যপ্ৰদেশৰ ৰাজগড় জিলাত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, পথ দুৰ্ঘটনাৰ বাতৰিটো অতি দুখজনক আৰু আঘাতপ্ৰাপ্ত সকল শীঘ্ৰেই আৰোগ্য হোৱাটো কামনা কৰিছো । উপ-ৰাষ্ট্ৰপতি শ্রীধনখড়ে কয় যে, পথ দুৰ্ঘটনাটোত প্রাণহানি হোৱা সকলৰ বাবে তেওঁ অতিশয় দুখিত। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শোক-সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আঘাতপ্রাপ্তসকলৰ আশু আৰোগ্য ...

May 6, 2024 8:24 PM

views 69

দিল্লী বিশ্ববিদ্যালয়ৰ মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসত জগদীপ ধনখড়ৰ অংশগ্ৰহণ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, শিক্ষা সকলোৰে বাবেই অতিকৈ আৱশ্যকীয় যিহেতু ই প্ৰগতি, সমৃদ্ধি আৰু সৱলীকৰণৰ দুৱাৰ মুকলি কৰে। আজি দিল্লী বিশ্ববিদ্যালয়ৰ মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সভাক সম্বোধন কৰি শ্ৰীধনখড়ে লগতে কয় যে, সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বৈষম্যসমূহ আঁতৰাই সমতা স্থাপন কৰাত শিক্ষাই বৃহৎ ভূমিকা গ্ৰহণ কৰিব পাৰে। দিল্লী বিশ্ববিদ্যালয়ৰ পদেন আচাৰ্য্য শ্রীধনখড়ে লগতে প্রাচীন কালৰে পৰাই আমাৰ দেশ শিক্ষা আৰু জ্ঞানৰ কেন্দ্ৰৰূপে পৰিগণিত হৈ আহিছে বুলিও উল্লেখ কৰে।

April 15, 2024 7:46 PM

views 51

কৃত্রিম বুদ্ধিমত্তা আদি নতুন প্রযুক্তিসমূহ কৰ ব্যৱস্থাৰ উন্নীতকৰণৰ লগতে কৰফাঁকিৰ হাৰ হ্ৰাস কৰোৱাত সহায়ক হৈছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, কৃত্রিম বুদ্ধিমত্তা আৰু উন্নত বিশ্লেষণাত্মক ব্যৱস্থা আদিৰ দৰে নতুন প্রযুক্তিসমূহ কৰ শাসন ব্যৱস্থাৰ উন্নীতকৰণৰ লগতে কৰফাঁকিৰ হাৰ হ্ৰাস কৰোৱাত সহায়ক হৈছে। ইয়াৰ ফলস্বৰূপে কৰদাতাসকলৰ কৰ ব্যৱস্থাটোৰ প্ৰতি আস্থা বৃদ্ধি পাইছে আৰু কৰ আদায়ৰ প্ৰতি তেওঁলোক দায়িত্বশীল হৈছে। শ্ৰীধনখড়ে আজি নাগপুৰত অৱস্থিত ৰাষ্ট্ৰীয় প্ৰত্যক্ষ কৰ একাডেমীত ভাৰতীয় ৰাজহ সেৱা আই আৰ এছৰ ৭৬ সংখ্যক বেছৰ বিষয়াসকলৰ প্ৰশিক্ষণ সামৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। অনুষ্ঠানত মহাৰাষ্ট্ৰ...

April 15, 2024 6:47 PM

views 100

আই আৰ এছৰ ৭৬ সংখ্যক বেটছৰ সামৰণি অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আজি নাগপুৰৰ নেচনেল একাডেমী অব টেক্সেছত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় ৰাজহ সেৱা চমুকৈ আই আৰ এছৰ ৭৬ সংখ্যক বেটছৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব। এই অনুষ্ঠানত আই আৰ এছৰ এই বেটছটোত ৫৬ জন ভাৰতীয় ৰাজহ সেৱা বিষয়া আৰু দুজন ৰয়েল ভূটান সেৱাৰ বিষয়া আছে। এই আই আৰ এছ বিষয়াসকলক কেন্দ্ৰীয় অসামৰিক সেৱা আয়োগৰ পৰীক্ষাৰ জড়িয়তে বাচনি কৰা হৈছিল। উল্লেখযোগ্য যে নাগপুৰস্থিত এন এ ডি টি হৈছে ভাৰতীয় কৰ বিভাগ বিষয়া আৰু ভাৰতীয় ৰাজহ সেৱা বিষয়াসকলৰ প্ৰশিক্ষণৰ এটা উল্লেখযোগ্য প্রশিক্ষণ কেন্...

April 7, 2024 9:19 PM

views 59

বিহাৰৰ বুদ্ধগয়াৰ আই আই এমৰ ষষ্ঠ দীক্ষান্ত সমাৰোহত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি দেশৰ যুৱ পেছাদাৰীসকলক ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাত অংশ ল'বলৈ আহ্বান জনায়। বিহাৰৰ বুদ্ধগয়াৰ আই আই এমৰ ষষ্ঠ দীক্ষান্ত সমাৰোহ অনুষ্ঠানত ভাষণ দি তেওঁ এইদৰে কয়। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, আজিৰ যুৱ মন আৰু শিক্ষাৰ্থীসকল ভাৰতৰ ভৱিষ্যতৰ যুগদ্ৰষ্টা। যুৱ শিক্ষাৰ্থীসকলক তেওঁলোকৰ প্ৰতিভা আৰু দক্ষতা ব্যৱহাৰ কৰি ভাৰতৰ বিকাশৰ কাহিনীৰ নতুন অধ্যায় ৰচনা কৰিবলৈ তেওঁ আহ্বান জনায়। ইয়াৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সমাৱৰ্তন অনুষ্ঠানত এম বি...