উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি দেশৰ যুৱ পেছাদাৰীসকলক ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাত অংশ ল’বলৈ আহ্বান জনায়। বিহাৰৰ বুদ্ধগয়াৰ আই আই এমৰ ষষ্ঠ দীক্ষান্ত সমাৰোহ অনুষ্ঠানত ভাষণ দি তেওঁ এইদৰে কয়। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, আজিৰ যুৱ মন আৰু শিক্ষাৰ্থীসকল ভাৰতৰ ভৱিষ্যতৰ যুগদ্ৰষ্টা। যুৱ শিক্ষাৰ্থীসকলক তেওঁলোকৰ প্ৰতিভা আৰু দক্ষতা ব্যৱহাৰ কৰি ভাৰতৰ বিকাশৰ কাহিনীৰ নতুন অধ্যায় ৰচনা কৰিবলৈ তেওঁ আহ্বান জনায়। ইয়াৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সমাৱৰ্তন অনুষ্ঠানত এম বি এৰ শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰে। সেই অনুষ্ঠানতে বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰ, আই আই এম বুদ্ধগয়াৰ অধ্যক্ষ উদয় কোটাক আৰু সঞ্চালক বিনীতা শ্বাহায়ো উপস্থিত থাকে। কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে পত্নীসহ বোধগয়াৰ বিখ্যাত মহাবোধি মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা-অৰ্চনাও কৰে।
Assamese | April 7, 2024 9:19 PM | Vice President
বিহাৰৰ বুদ্ধগয়াৰ আই আই এমৰ ষষ্ঠ দীক্ষান্ত সমাৰোহত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়