উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদ্বীপ ধনখড়ে আজি সংসদভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা প্ৰেৰণা স্থল উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীত ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিং, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে ৰাজ্যসভা আৰু লোকসভাৰ সদস্যসকল উপস্থিত থাকে। বিভিন্ন দেশৰ প্রতিনিধি তথা অন্যান্য দর্শনার্থীসকলে যাতে সংসদভৱন চৌহদৰ একেটা স্থানতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ মহান নেতা আৰু স্বাধীনতা যুঁজাৰুসকলৰ প্ৰতিমূৰ্তি দৰ্শন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে তাৰ বাবে এই প্ৰেৰণা স্থল নিৰ্মাণ কৰা হৈছে। তদুপৰি এই মহান ব্যক্তিসকলৰ জীৱন কাহিনী আৰু বাণীসমূহৰ যোগেদি দৰ্শনাৰ্থীসকলক অনুপ্ৰাণিত কৰিব পৰাকৈ নতুন প্রযুক্তিৰ জৰিয়তে ব্যৱস্থা গ্ৰহণৰ বাবে কাৰ্যকৰী আঁচনিও হাতত লোৱা হৈছে। এই প্ৰেৰণা স্থলত সকলো প্ৰতিমূৰ্তিৰ চাৰিওকাষে সেউজীয়া ঘাঁহনি আৰু বাগিচা পতা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে সংসদে প্ৰেৰণা স্থলৰ এটা নিৰ্দিষ্ট স্থানত দেশৰ সকলো মহান ব্যক্তি, স্বাধীনতা সংগ্রামী, আধ্যাত্মিক আৰু সাংস্কৃতিক নেতাসকলৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
Assamese | June 16, 2024 7:38 PM | Vice President
সংসদ ভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা প্ৰেৰণা স্থল উদ্বোধন উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ৰ