উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আজি নাগপুৰৰ নেচনেল একাডেমী অব টেক্সেছত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় ৰাজহ সেৱা চমুকৈ আই আৰ এছৰ ৭৬ সংখ্যক বেটছৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব। এই অনুষ্ঠানত আই আৰ এছৰ এই বেটছটোত ৫৬ জন ভাৰতীয় ৰাজহ সেৱা বিষয়া আৰু দুজন ৰয়েল ভূটান সেৱাৰ বিষয়া আছে। এই আই আৰ এছ বিষয়াসকলক কেন্দ্ৰীয় অসামৰিক সেৱা আয়োগৰ পৰীক্ষাৰ জড়িয়তে বাচনি কৰা হৈছিল। উল্লেখযোগ্য যে নাগপুৰস্থিত এন এ ডি টি হৈছে ভাৰতীয় কৰ বিভাগ বিষয়া আৰু ভাৰতীয় ৰাজহ সেৱা বিষয়াসকলৰ প্ৰশিক্ষণৰ এটা উল্লেখযোগ্য প্রশিক্ষণ কেন্দ্র। এন এ ডি টিত ১৬ মহীয়া প্ৰশিক্ষণ প্ৰদানৰ অন্তত আই আৰ এছ বিষয়াসকলক নিযুক্তি দিয়া হ’ব।
Assamese | April 15, 2024 6:47 PM | Vice President
আই আৰ এছৰ ৭৬ সংখ্যক বেটছৰ সামৰণি অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়