আই এন ডি আই মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে আজি সংসদ ভৱনত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, এন চি পিৰ নেতা শাৰদ পাৱাৰ, সমাজবাদী পাৰ্টীৰ নেতা ৰাম গোপাল যাদৱ, ডি এম কেৰ নেতা তিৰুচি শিৱা আৰু টি এম চিৰ নেত্ৰী শতাব্দী ৰয়কে ধৰি আই এন ডি আই মিত্ৰজোঁটৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে।
মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে শ্ৰীৰেড্ডীয়ে সংসদ ভৱনৰ প্ৰেৰণা স্থলত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পন কৰে। দেশৰ স্বাধীনতা আন্দোলনৰ বিশিষ্ট নেতাসকলৰ প্ৰতিমূৰ্তিতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ কাইলৈ পৰীক্ষা কৰা হ’ব। ২৫ আগষ্টৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। অহা ৯ ছেপ্তেম্বৰত উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
Assamese | August 21, 2025 5:07 PM | b sudarshan reddy | Congress | India | India Alliance | Vice President
উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী তথা সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ সংসদ ভৱনত মনোনয়ন পত্ৰ দাখিল