June 29, 2026 8:50 PM | Vice President

printer

৮ গৰাকী ৰাজ্যসভাৰ সদস্যক উপ-ৰাষ্ট্ৰপতিৰ শপত বাক্য পাঠ

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণে আজি সংসদ ভৱনত নৱনিৰ্বাচিত আৰু পুনৰ নিৰ্বাচিত ৮ গৰাকী ৰাজ্যসভাৰ সদস্যক শপত বাক্য পাঠ কৰোৱায়। তেওঁলোকৰ ভিতৰত আছে- কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গে, কৰ্ণাটকৰ বিজেপি দলৰ এম নাগাৰাজা, পঞ্জাবৰ বিজেপি নেতা তৰুণ সুঘ, গুজৰাটৰ মনসিং মেৰামন পাৰ্মাৰ আৰু জীতেন্দ্ৰ মেঘজীভাই কাঞ্জাৰিয়া, ৰাজস্থানৰ ড° অলকা সিং, মণিপুৰৰ অধিকাৰী মায়ুং সাৰদা দেৱী আৰু মহাৰাষ্ট্ৰৰ এন চি পিৰ নেতা ৰাজেন্দ্ৰ হীৰালাল জৈন। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু জগত প্ৰকাশ নাড্ডা উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।