নির্বাচন আয়োগে অহা ৯ ছেপ্তেম্বৰত উপ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ’ব বুলি আজি ঘোষণা কৰিছে। নির্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই নিৰ্বাচনৰ বাবে অহা ৭ আগষ্টত আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ’ব। ২১ আগষ্টৰ ভিতৰত মনোনয়ন পত্র দাখিল কৰিব লাগিব আৰু প্ৰয়োজন হ’লে ৯ ছেপ্তেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব। উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিধি অনুযায়ী ভোটগ্রহণ সংসদ ভৱনত অনুষ্ঠিত হ’ব। লোকসভাৰ ৫৪২ গৰাকী নিৰ্বাচিত সাংসদ আৰু ৰাজ্যসভাৰ ২৩৩ গৰাকী নিৰ্বাচিত সাংসদে এই নির্বাচনত অংশগ্রহণ কৰিব পাৰিব। সমানুপাতিক প্ৰতিনিধিত্বৰ আধাৰত প্ৰতিগৰাকী সাংসদৰ ভোটৰ মূল্য নির্ধাৰিত হয়।
উল্লেখযোগ্য যে, জগদীপ ধনখড়ে যোৱা ২১ জুলাইত আচম্বিতে পদত্যাগ কৰাৰ ফলত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰয়োজন হৈছে।
Assamese | August 1, 2025 8:21 PM | Akashvani News | Election Commission | Vice President
৯ ছেপ্তেম্বৰত উপ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ’ব