July 26, 2026 8:15 PM

views 8

ভাৰত বিভাজনক ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুল বুলি কেন্দ্রীয় মন্ত্রী ড° জিতেন্দ্র সিঙৰ আখ্যা

কেন্দ্রীয় মন্ত্রী ড° জিতেন্দ্র সিঙে আজি ভাৰত বিভাজনক ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুল আখ্যা দি কয় যে পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰ পি ও কেৰ বিষয়টো ভাৰত আৰু পাকিস্তানৰ মাজত একমাত্র অমীমাংসিত হৈ আছে। নতুন দিল্লীৰ কাশ্মীৰী সাংস্কৃতিক কেন্দ্ৰত পি ও জে কে য়ুথ ফ'ৰামৰ সহযোগিতাত জম্মু কাশ্মীৰ পিপলছ ফ'ৰামে আয়োজন কৰা ২৭ সংখ্যক কার্গিল বিজয় দিৱস স্মাৰক অনুষ্ঠানত ভাষণ দি ড° সিঙে এই কথা প্রকাশ কৰে। ড° সিঙে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰতিৰক্ষা কৌশলক এক প্রতিক্রিয়াশীল দৃষ্টিভংগীৰ পৰা ৰূপান্তৰ ঘটাই বা...

July 26, 2026 10:13 AM

views 21

চৰকাৰে লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধ সংশোধনী বিধেয়ক, ২০২৬ লোকসভাত উত্থাপন কৰিব

চৰকাৰে কাইলৈ লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধ সংশোধনী বিধেয়ক, ২০২৬ লোকসভাত উত্থাপন কৰিব। বিধেয়কখন সদনৰ কাইলৈৰ কার্যক্রমণিকাত অন্তর্ভুক্ত কৰা হৈছে। এই বিধেয়কখনৰ জড়িয়তে ২০২৪-চনৰ লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধ আইনখন সংশোধন কৰিব বিচৰা হৈছে। কেন্দ্রীয় মন্ত্রী ড° জীতেন্দ্র সিঙে এই বিধেয়কখন উত্থাপন কৰিব। কেন্দ্রীয় মন্ত্রী সভাই শুকুৰবাৰে প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাৰ অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এনে ঘটনাত বিচাৰ কৰিবলৈ দ্রুত আদালত গঠন আৰু দোষীসকলক কঠোৰ শাস্তি বিহাৰ বাবে এখন খচৰা বিধেয়কত অনুমোদন দিছিল।

June 20, 2026 10:32 PM

views 13

দিল্লীত কেন্দ্ৰীমন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙৰ দক্ষিণ কোৰিয়াৰ গৃহ আৰু সুৰক্ষা মন্ত্ৰী য়ুন হুজুংগৰ সৈতে দ্বিপাক্ষিক আলোচনা

ভাৰত আৰু দক্ষিণ কোৰিয়াই লোক প্ৰশাসন আৰু ডিজিটীয় প্ৰশাসনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবে উভয় দেশৰ প্ৰতিশ্ৰুতিদ্ধতাক দোঁহাৰিছে। আজি নতুন দিল্লীত কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙ দক্ষিণ কোৰিয়াৰ গৃহ আৰু সুৰক্ষা মন্ত্ৰী য়ুন হুজুংগৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়।  এই আলোচনাত ডিজিটীয় প্রশাসন, ই প্ৰশাসন, সামর্থ বৃদ্ধি আৰু নাগৰিক কেন্দ্ৰীক সেৱা প্ৰদানৰ ক্ষেত্ৰত উভয় দেশৰ সহযোগিতাত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত ড০ সিঙে কয় যে ভাৰত আৰু দক্ষিণ কো...

June 7, 2026 8:23 PM

views 20

কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে বিগত ১২ বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতক এখন অভিলাষী দেশলৈ উন্নীত কৰা বুলি মত প্ৰকাশ কৰিছে

কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে বিগত ১২ বছৰত দেশক সুযোগ, উদ্ভাৱন আৰু আত্মবিশ্বাসৰ জৰিয়তে এখন অভিলাষী দেশলৈ উন্নীত কৰিছে। সংবাদ মাধ্যমক উদ্দেশ্যে ড০ সিঙে কয় যে প্রশাসনীয় সংস্কাৰ, প্ৰযুক্তিগত গণতান্ত্রিকীকৰণ আৰু নাগৰিক-কেন্দ্ৰিক নীতিৰ জৰিয়তে দেশৰ জনসাধাৰণৰ ভৱিষ্যতৰ দৃষ্টিভংগী সলনি হৈছে। তেওঁ লগতে কয় যে দেশৰ মহাকাশ অর্থনীতি সদ্যহতে ৯০০ কোটি আমেৰিকান ডলাৰৰ যদিও অহা ৭ৰ পৰা ৮ বছৰৰ ভিতৰত এই পৰিমাণ প্রায় ৪৫০০ কোটি আমেৰিকান ডলাৰ হ'ব বুলি তেওঁ আশা প্রকা...

January 4, 2026 7:59 PM

views 70

চৰকাৰে তিনি বছৰ সম্পূর্ণ নোহোৱাকৈৱে ষ্টার্ট আপসমূহে গৱেষণা, বিকাশ আৰু উদ্ভাৱন পুঁজিৰ সুবিধা লাভ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছেঃ কেন্দ্ৰীয় মন্ত্রী ড০ জিতেন্দ্র সিঙ

চৰকাৰে তিনি বছৰ সম্পূর্ণ নোহোৱাকৈৱে ষ্টার্ট আপসমূহে গবেষণা, বিকাশ আৰু উদ্ভাৱন পুঁজিৰ সুবিধা লাভ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। নতুন দিল্লীত বৈজ্ঞানিক আৰু ঔদ্যোগিক গবেষণা বিভাগ ডি এছ আই আৰৰ ৪১ সংখ্যক প্রতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে এই কথা ঘোষণা কৰি কয় যে যিকোনো নতুন ষ্টাৰ্ট আপেও এই পুঁজিৰ সুবিধা লাভ কৰিব পাৰিব। ড০ সিঙে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে পৰমাণু খণ্ড আৰু মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ সিদ্ধান্ত...